মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

ই-অফিচ - আপোনাৰ ফাইলৰ অৱস্থান

‘ই অফিচ’ হৈছে National Information Centre(NIC) ৰ দ্বাৰা বিকশিত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ই গভৰনেন্স প্ৰ'গেমৰ অন্তৰ্গত এটি মিশন ম'ড প্ৰকল্প।এই "ই অফিচ" ৰ মূল লক্ষ্য় হৈছে বিভিন্ন চৰকাৰৰ মাজত আৰু চৰকাৰৰ ভিতৰৰ লেনদেন তথা বিভিন্ন পদ্ধতিৰ বিষয়ে নিপুণভাৱে,কাৰ্যকৰীভাৱে আৰূ স্বচ্ছতাৰে বাট দেখুৱাই নিয়া। ই-অফিচৰ ব্য়ৱস্থাৰ মূখ্য় মড্য়ুল তথা অভিন্ন অংশ ফাইল মেনেজমেন্ট চিষ্টেমে আই চি টি ইনেবল্ড(ICTEnabled) সেৱাৰ এক নতূন যুগৰ সংযুক্তিৰ দ্বাৰা উৎপাদন পৰিষদ কৌশল অৰ্ন্তভূক্তিৰে কোনো এটা সংগঠনৰ ভিতৰুৱা কাৰ্যদক্ষতা বঢ়োৱাৰ
লক্ষ্য় স্থিৰ কৰিছে,যাতে দেশৰ প্ৰশাসন ব্য়ৱস্থাক অনুকুল কৰিব পৰা যায়। ই-অফিচে সাংগঠনিক তথা বক্তিবিশেষৰ কাৰ্যকৰণৰ বিষয়ে আঙুলিৰ মূৰতে চোৱাচিতা কৰিবপৰাকৈ এক কাৰ্যক্ষম নিৰীক্ষণ কৌশল আগবঢ়াই দিছে। এই নিৰীক্ষণ পদ্ধতিয়ে প্ৰশাসনত দায়বদ্ধতা আৰূ দায়িত্ববোধ বৃদ্ধি কৰিব আৰু স্বচ্ছ জন দেওনা পদ্ধতি লৈ আহিব।

উপকাৰীতাসমূহ-

নাগৰিক কেন্দ্ৰিক:

সকলো নীতি নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য় হোৱাকৈ উদ্ভাৱন কৰা হৈছে। প্ৰশাসনত ই-গভৰনেন্স ব্য়ৱস্থাৰ অন্তৰ্ভূক্তিৰে চৰকাৰে নাগৰিকক একেবাৰতে সেৱা আগবঢ়াইছে। শাসকীয় আৰু অন্তৰ্ভূক্তীয় শাসন ব্য়ৱস্থাৰ হকে ই এক মহান পদক্ষেপ য'ত সকলো দৰকাৰী তথ্য় আঙুলিৰ মূৰতে ৰাইজলৈ আগবঢ়াই দিবপৰা যায়।

  •  ওজৰ-আপত্তি মোচন: বিভিন্ন বিভাগত দাখিল কৰা বিভিন্ন চিঠি ডায়েৰীত লিপিবদ্ধ কৰা হয় তথা এটা একক ই চি আৰ নম্বৰ(e CR) চিষ্টেমত লিখি ৰখা হয়।
  •  অন্তৰ্ভুক্তি: ভৱিষ্য়তে কৰিবলগা সোধ-পোছৰ বাবে নাগৰিকক একক ই চি আৰ নম্বৰৰ(e CR) জাননী দিয়া হয়।
  •  অংশগ্ৰহণ: অসম সচিবালয়ৰ বিভিন্ন বিভাগত দাখিল কৰা অপত্তিসমূহ সঠিক সময়ত উলিয়াই ল'ব পাৰিলে আপত্তিসমূহ নিষ্পত্তি কৰাত সহায় হয় আৰু এই প্ৰণালীয়ে হিতধাৰক(Stakeholder) সকলে চাবলগীয়া গোচৰসমূহৰ নিষ্পত্তিৰ বাবে প্ৰয়োজনীয় চিন্তাখিনিৰ খোৰাক যোগায়।
  •  নাগৰিক চনদ: চৰকাৰৰ ওচৰত দাখিল কৰা চিঠিসমূহ/DAKসমূহৰ শ্ৰেনী বিভাজন আৰু সেইসমূহ চিহ্নসহ প্ৰণালীবদ্ধভাৱে বিভাগীয় বিষয়ালৈ প্ৰেৰণ কৰিলে নাগৰিকৰ চনদৰ কাৰ্যকৰী জনসেৱা,প্ৰদান কৌশলেৰে সময়মতে গোচৰসমূহ দিহা লগোৱাত সহায়ক হয়।

দায়বদ্ধতা:-

চৰকাৰ তথা চৰকাৰী বিভাগসমূহত দাখিল কৰা গোচৰসমূহ যথাসময়ত নিৰীক্ষণ কৰা।

  •  নজৰ ৰখা: চিষ্টেমত সকলোবোৰ তথ্য় তাৰিখ-সময়ৰ ষ্টাম্পসহ জমা ৰখা হয় যাতে নিৰ্বাধ দায়বদ্ধতাসহ কোনে,কেতিয়া আৰু কি আপডেট কৰিছিল জানিবপৰা যায়।
  •  অটোমেশ্য়ন: কাগজত লিখিত তথ্য়সমূহে বহুসময়ত ভুল তথ্য় যোঘোৱাৰ বাবে কেতিয়াবা শলঠেকত পেলাব পাৰে। FMSৰ অন্তৰ্ভূক্তিয়ে বিভিন্ন DAK আৰু মানুহৰ প্ৰয়োজনীয় সকলো তথ্য়সমৃদ্ধ ম'ভমেণ্ট ৰেজিষ্টাৰৰ পুনৰ্ব্য়ৱহাৰ সম্ভৱ কৰি তোলে।
  •  মূল্য়াংকন: চিষ্টেমত থকা শ্ৰেণীকৰণ কৰাৰ সুবিধা তথা ৰিপোৰ্টে উচ্চস্তৰীয় বিষয়াক সঠিক সময়ত তথ্য় পোৱাত সহায় কৰে। ই বিভাগৰ কাম-কাজ আৰু কৰ্ম সম্পাদন ব্য়ৱস্থাৰ মূল্য়াংকন কৰে।
  •  অধিসূচনা: আবেদনৰ লেনদেনসমূহত, লেনদেনৰ প্ৰক্ৰিয়াৰ বিষয়ে জানিবপৰাকৈ পূৰ্বনিৰ্মিত এছ-এম-এছ/মেইলৰ জাননী দিয়াৰ ব্য়ৱস্থা আছে।

স্ৱচ্ছতা:-

বৰ্তমানৰ অৱস্থা,পূৰ্বৰ ইতিহাস আৰু গোচৰ নিষ্পত্তিৰ বাবে প্ৰয়োজনীয় সময়ৰ ডেছব'ৰ্ড আৰু ৰিপোৰ্ট-ভিত্তিক তথ্য়।

  •  মসৃণ তথ্য়: সচিবালয়ৰ প্ৰশাসক তথা হিতধাৰকসকলৰ সৈতে চিষ্টেমত থকা সকলোবোৰ তথ্য় একেধৰণেৰে জনাবপৰা যায়। বিচৰাৰ সুবিধাৰ্থে সকলোবোৰ তথ্য় অৰ্থাৎ চলাচলৰ ইতিহাস,বৰ্তমানৰ অৱস্থা সকলোবোৰ দিনটোৰ চৌব্বিশ ঘণ্টাই পোৱা যায়।
  •  লেখা পৰীক্ষা: কোনো ৰেকৰ্ডৰ সৈতে জড়িত ইতিহাস চিষ্টেমত সদায় সহজেই পোৱা যায় আৰু সহজতে বিচাৰি উলিয়াব পৰা যায়।
  •  বিশ্বাস: এই এপ্লিকেশ্য়ে আগবঢ়োৱা সেৱা আৰু বৈশিষ্ট্য়ৰ ব্য়ৱহাৰে তথ্য় জমা ৰখা তথা পুনৰূদ্ধাৰৰ ক্ষেত্ৰত মেনুৱাল ব্য়ৱস্থা বহু হ্ৰাস কৰিছে।
  •  বিশ্ৱাসযোগ্য়তা: ডিজিটেল পদ্ধতিত জমা হোৱা তথ্য় ব্য়ৱস্থাই মানুহৰ হস্তক্ষেপ বহুলাংশে কমাই দিয়ে আৰু তথ্য়ৰ উৎস পৰীক্ষাৰ বাবে মুকলি হৈ থাকে; সেয়েহে ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰ ছাৰ্ভাৰত তথ্য়সমূহৰ বিশ্ৱাসযোগ্য়তা থাকে।

প্ৰভাৱী:-

জমা থকাDAK/ম'ভমেণ্ট ৰেজিষ্টাৰ হেৰাই নাযায়। চৰকাৰৰ তাত পৰীক্ষা হৈ থকা সকলোবোৰ কাগজৰ বাবে চিষ্টেমে এটা একক নম্বৰ উদ্ভৱ কৰে। মসৃণতাৰে ৰেকৰ্ড বিচাৰি উলিওৱা,তথ্য় খুচৰা বা পুনৰূদ্ধাৰ কৰা সহজ কৰা হয়।

  •  সহজ পদ্ধতি: চিষ্টেমত থকা তথ্য়ৰদ্বাৰা শাসকীয় পৰিদৃশ্য় পৰিপালন আৰু নিৰীক্ষণ কৰি ক্ষমতাসহ একক শ্ৰেণী সিদ্ধান্ত গ্ৰহণৰ বাবে সহজ পদ্ধতি অনা হয় যাতে ই জনগণৰ উপকাৰ সাধে।
  •  নিপাটন: চিষ্টেমৰপৰা তথ্য় গ্ৰহণ কৰি নিৰ্দিষ্ট সময়ত কৰা গোচৰ নিষ্পত্তিয়ে ৰাজ্য়ত এক কাৰ্যক্ষম শাসনৰ যুগ আনে।
  •  পৰিৱৰ্তন: সহজতে প্ৰশাসনীয় নিৰীক্ষণৰ জৰিয়তে চৰকাৰী বিষয়াসকল ট্ৰেনজেনশ্য়ন প্ৰ'চেছিং চিষ্টেমলে পৰ্যবসিত হ'ব।
  •  ডিজিটাইজেশ্য়ন: কাৰ্যক্ষম প্ৰৱন্ধন ক্ষমতাসহ ডিজিটেল তথ্য় পদ্ধতিৰ চৰকাৰৰ যি এক বহুদিনীয়া আশা আছিল তাক ই-অফিচ,FMS এ সম্ভৱ কৰি তুলিব।