মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

আদৰ্শ অনুশীলন

ই-চফৰ

ৰাজ্য চৰকাৰৰ আদেশ অনুসৰণ কৰিউপায়ুক্ত আৰু মহকুমা বিষয়াৰ(অসামৰিক)কাৰ্য্যালয় পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে আনুষ্ঠানিক পদ্ধতি সংস্থাপিত কৰিবলৈ, সংশ্লিষ্ট জিলাৰপৰদৰ্শনৰ বাবে জ্যেষ্ঠ বিষয়াক নিয়োগ কৰা হয় যাতে আনুষ্ঠানিক পদ্ধতিৰ ফলপ্ৰসূ ৰূপায়ন সম্ভৱ হৈ পৰে।
ইয়াৰ অধীনতবিষয়া সকলে জিলা আৰু মহকুমা বিষয়াৰ কাৰ্য্যালয় সমূহ বছৰত দুবাৰকৈ পৰিদৰ্শন কৰিব।তেঁওলোকে জিলা উপায়ুক্ত আৰু মহকুমা বিষয়াৰ কাৰ্য্যালয়ত(অসামৰিক) ব্যাপক আৰু কঠোৰ পৰিদৰ্শন চলাব।
এই পৰিদৰ্শনৰ সময়ছোৱাত জ্যেষ্ঠ বিষয়াসকলে ক্ষেত্ৰীয় পৰিদৰ্শনো চলাব যাতে চৰকাৰী কাম-কাজ বোৰ কেনেদৰে চলিছে বা চৰকাৰী আঁচনি সমূহ তথা সা-সুবিধা সমূহ কেনেদৰে ৰূপায়ন কৰা বা বিতৰণ কৰা হৈছে অথবা প্ৰকৃত হিতাধিকাৰীয়ে ইয়াৰ পৰা কেনেদৰে লাভান্বিত হৈছে এই সকলোবোৰৰ বুজ লবলৈ। তেঁওলোকে তৃণমূল পৰ্য্যায়ৰ সত্যতাৰ বিষয়ে অধিক জানিবলৈ জিলা/মহকুমা পৰ্য্যয়ৰ বিষয়াৰ সৈতেও পৰামৰ্শৰ আদান প্ৰদান বা বাৰ্তালাপ কৰিব পাৰে।
পৰিদৰ্শনৰ প্ৰতিবেদনত উল্লেখ কৰা বিষয় সমূহ অনুসৰণ কৰা হৈছে নে নাই এই বিষয়ে অৱগত হোৱাৰ ক্ষেত্ৰতো জ্যেষ্ঠ বিষয়াসকল দায়বদ্ধ আৰু সাধাৰণ প্ৰশাসন বিভাগৰ জৰিয়তে চৰকাৰী জাননীত ভাল বাসন্তুষজনক প্ৰদৰ্শনৰ উদাহৰণো উপস্থাপন কৰিব লাগিব।

এফ.এম.এছ.

নথি প্ৰৱন্ধন ব্যৱস্থাঃ‘ই-কাৰ্য্যালয়’ হৈছে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰই(এন.আই.চি.) ভাৰত চৰকাৰৰ বাবেপ্ৰস্তুত কৰি উলিওৱা ৰাষ্ট্ৰীয় ই-প্ৰশাসন কাৰ্য্যক্ৰমৰ অধীনষ্ঠ এক মিছন মোড প্ৰকল্প(এম.এম.পি.)। এই ব্যৱস্থাই চৰকাৰী কাৰ্য্যকলাপক, লেন-দেন অথৱা প্ৰক্ৰিয়াক অধিক কাৰ্য্যক্ষম আৰু খৰতকীয়া কৰি তোলাৰ লগতে অধিক স্বচ্ছতা আৰু ফলপ্ৰসূতাওইয়াত বৃদ্ধি পায়।
নথি প্ৰৱন্ধন ব্যৱস্থাঃ ই-কাৰ্য্যালয় ব্যৱস্থাৰ কেন্দ্ৰীয় মাপাংক আৰু এৰাব নোৱাৰ উপাদানে, দেশৰ প্ৰশাসন ব্যৱস্থাৰ বাহাল থকা ভূমিদৃশ্যৰ পৰ্য্যাপ্ত ব্যৱহাৰ কাৰৰ বাবে উক্ত ব্যৱস্থাইসুচল কৰি পেলোৱাআই.চি.টি. সক্ষমতা সম্পন্নযুগতএক সংগঠনৰ আভ্যন্তৰীণ সক্ষমতাৰ বিকাশ ঘটোৱাটোৱেই হৈছে ইয়াৰ লক্ষ্য। ই-কাৰ্য্যালয় ব্যৱস্থাই আঙুলিৰ টিপতে সামগ্ৰীকভাৱে ব্যক্তিগত আৰু সাংগঠানিক প্ৰদৰ্শনৰ মূল্যাংকণ সহজতে কৰিব পৰা এক প্ৰভাৱশালী পৰ্য্যবেক্ষণ পদ্ধতি সহজলভ্য কৰি তুলিছে। এই পৰ্য্যবেক্ষণ ব্যৱস্থাইপ্ৰশাসনৰ দায়িত্ব আৰু দায়বদ্ধতা বৃদ্ধি কৰে আৰু ইয়াৰ জৰিয়তে ৰাজহুৱা সেৱা বিতৰণ ব্যৱস্থা অধিক ফলপ্ৰসূ আৰু স্বচ্ছ হৈ পৰে।

এম.আই.এছ.

এম.আই.এছ. হৈছে ই.প্ৰশাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ আহিলা যি ব্যাপক তথ্য ভণ্ডাৰ সৃষ্টি কৰা, সহজে এই তথ্য সমূহলাভ কৰা, সময়মতে প্ৰতিবেদন প্ৰস্তুত কৰা,নিয়মীত ভাৱে তথ্যৰ উন্নিতকৰণ কৰিব পৰা আৰু চৰকাৰী আঁচনি তথা কাৰ্য্যক্ৰমৰ ফলপ্ৰসূ মূল্যাংকণ কৰা ইত্যাদি সুবিধা সমূহ প্ৰদান কৰে।
মণ্ডল পৰ্য্যায়, জিলা বা মহকুমা পৰ্য্যায়ৰ কাম কাজৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যৰে ক্ষেত্ৰীয় প্ৰশাসন ব্যৱ্স্থাৰ ক্ষেত্ৰত এই এম.আই.এছ. ব্যৱস্থা অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন কিয়নো ইয়াৰ জৰিয়তে অভিলেখবোৰ সুৰক্ষিত হিচাপে ৰখাটো সৰল হৈ পৰে আৰু লগতে ইয়াৰ মানদণ্ডও উন্নত হৈ পৰে, তাৰোপৰি বিভিন্ন কাৰ্য্যৱলী ৰূপায়নৰ ক্ষেত্ৰত ই স্বচ্ছতা বাহাল ৰাখে আৰু বিশ্লেষকমূলকপ্ৰতিবেদন প্ৰস্তুত কৰাৰ লগতে ইয়াৰ জৰিয়তে চৰকাৰী ব্যৱস্থাৰ প্ৰদৰ্শনৰ নিৰন্তৰ পৰ্য্যবেক্ষণ কৰাটোও সুবিধাজনক হৈ পৰে। এই সকলোবোৰএন.আই.চি. বিষয়া-কৰ্মচাৰীৰ সহায়তো পৰিচলনা কৰা হয়।

ক্ষমতা বৰ্ধন(কৰ্মচাৰীৰ প্ৰশিক্ষণ)

অসমৰ জিলা উপায়ুক্ত সকলৰ সংযুক্ত প্ৰতিষ্ঠাবোৰৰ কৰ্মচাৰী সকলক তেঁওলোকৰ ক্ষমতা বৰ্ধনৰ উদ্দেশ্যেসাধাৰণ প্ৰশাসন বিভাগে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱ্স্থাগ্ৰহণ কৰিছে আৰুসেই অনুসৰিঅসম প্ৰৱন্ধন প্ৰতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা তলত উল্লেখ কৰা প্ৰশিক্ষণ সমলবোৰ প্ৰদান কৰিছে-

  1. ২য় আৰু ৩য় বৰ্গৰ কৰ্মচাৰী সকলৰ বাবে কাৰ্য্যলয়ৰ পৰিচালনৰ ক্ষেত্ৰতমানুহৰ দায়িত্ব সম্পৰ্কতহাতপুথি।
  2. ২য় আৰু ৩য় বৰ্গৰ কৰ্মচাৰী সকলৰ বাবে মাইক্ৰচফ্ট অফিচৰবৈশিষ্ট্যৰবিষয়েহাতপুথি।
  3. ২য় আৰু ৩য় বৰ্গৰ কৰ্মচাৰী সকলৰ বাবে যোগ্যতা ভিত্তিক প্ৰশিক্ষণ হাতপুথি।

২০১৬-১৭ বৰ্ষত জিলা উপায়ুক্ত সকলৰ প্ৰতিষ্ঠাবোৰৰ কৰ্মচাৰী সকলৰ প্ৰথম দলটোৰ প্ৰশিক্ষণৰ বাবে বিভাগে ইতিমধ্যেই পুঁজি মুকলাই দিছে যি প্ৰক্ৰিয়া আগন্তুক সময়তো সময়ে সময়ে অব্যাহত থাকিব।
ইয়াৰোপৰি বিভাগে জিলা উপায়ুক্ত সকলৰ কাৰ্য্যালয় সমূহত প্ৰশিক্ষণৰ আন্তঃগাঠনি নিৰ্মাণৰ বাবে তথ্য প্ৰযুক্তিপৰীক্ষাগাৰস্থাপন কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।

দায়বদ্ধতা মৌলকক্ষ

আহিলাগত ভাৱেকৰ্মচাৰী সকলেধাৰাবাহিক ভাৱে নিজৰ মূল্যাংকণ কৰা আৰু সাৰ্বজনীন ভাৱেগ্ৰহণ কৰা বস্তুগত মাপকাঠীৰ বিপৰীতে উচ্চপৰ্য্যায়ৰ কৰ্তৃপক্ষৰ জৰিয়তে কৰ্মচাৰী সকলৰ সমসাময়িক প্ৰদৰ্শনৰ মূল্যাংকণ কৰাএই দুয়োপ্ৰকাৰে সেৱা প্ৰদান কৰাৰ বাবে দায়বদ্ধতা-স্বচ্ছতা মৌলকক্ষ(এ.টি.এম.) প্ৰস্তুত কৰি উলিওৱা হৈছে।
প্ৰতিগৰাকী কৰ্মচাৰীৰে প্ৰদৰ্শন এই এ.টি.এম.ৰ জৰিয়তে মূল্যাংকণ কৰাৰ প্ৰয়োজনীয়তা আছেআৰু ইয়াৰ সবিশেষ প্ৰতি তিনিমাহৰ অন্তত আগন্তুক তিনিমাহৰ প্ৰথম মাহটোৰ তিনি তাৰিখে পৰ্য্যবেক্ষণ কৰ্তৃপক্ষক জমা দিব লাগিব।ইয়াৰ পাছতেপৰ্য্যবেক্ষক কৰ্তৃপক্ষই কৰ্মচাৰীৰ মন্তব্য সমূহ এ.টি.এম.ত নথিভুক্ত কৰি ৰাখিব আৰু ইয়াৰ বিপৰীতে প্ৰদান কৰিব লগীয়া প্ৰতিক্ৰিয়া সমূহ কৰ্মচাৰীৰ সভাত ইয়াক উপস্থাপন কৰিব।
পূৰ্ণ কৰা এই এ.টি.এম. সমূহ কৰ্মচাৰী সকলৰ ব্যক্তিগত ফাইলত ৰাখিব লাগিব আৰু তেঁওলোকৰ প্ৰদৰ্শনৰ মান উন্নত কৰাৰ বাবে সঠিক কৌশল আৰু পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিভাগৰ জ্যেষ্ঠ বিষয়া সকলৰ সভাত আটাইতকৈ জ্যেষ্ঠ সচিব গৰকীয়ে পৰ্য্যবেক্ষক কৰ্তৃপক্ষ সমূহৰ এই প্ৰতিক্ৰিয়া সমূহৰ আৱলোকন কৰিব।
মণ্ডল আয়ুক্ত/জিলা উপায়ুক্ত/মহকুমা বিষয়া সকলৰ অধীনতকৰ্মচাৰী সকলৰ এ.টি.এম. সমূহ নিৰূপণ কৰিবৰ বাবে এই এ.টি.এম. বোৰ অনুশীলন কৰিবলৈ আৰু লগতে এই এ.টি.এম. বোৰ ব্যৱহাৰ কৰাৰ এক নিৰ্দিষ্ট সময় বিন্দুৰ পাছত জ্যেষ্ঠ বিষয়াৰ জৰিয়তে অভিলেখবোৰ উন্নিত কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে।