বিভিন্নঅনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। সময়ে সময়ে ৰাষ্ট্ৰীয় সংগীতৰ শুদ্ধপ্ৰকাশ সম্পৰ্কে বা কোনবোৰ অনুষ্ঠানত এই সংগীত পৰিবেশন কৰিব পৰা যায় অথবা ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ সময়ত কেনেদৰে সন্মান প্ৰদৰ্শন কৰা উচিত এই সকলো সম্পৰ্কত নিৰ্দ্দেশ জাৰি কৰা হয়। এই নিৰ্দ্দেশাৱলীৰ সাৰাংশ সাধাৰণ জ্ঞান আৰু পথ প্ৰদৰ্শনৰ বাবে তথ্যাৱলীত সন্নবিষ্ট কৰা হৈছে।
ৰাষ্ট্ৰীয়সংগীত-সম্পূৰ্ণআৰুঅৰ্ধৰূপ
প্ৰয়াত কবি ৰৱীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত “জন গণ মন” শীৰ্ষক গীতৰ প্ৰথম কলিৰ শব্দ আৰু তেঁও ৰচনা কৰা সূৰকেই কালক্ৰমতভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে বিবেচনা কৰা হয়। এইয়া হৈছেঃ-
জন-গন-মন-অধিনায়ক জয় হে
ভাৰত-ভাগ্য-বিধাতা
পাঞ্জাৱ-সিন্ধু-গুজৰাট-মাৰাঠা
দ্ৰাৱিড়-উৎকল-বংগ
বিন্ধ্যা-হিমাচল-যমুনা-গংগা
উচ্চল-জলধি-তৰংগ
তৱ শুভ নামে জাগে, তৱে শুভ আশিষ মাগে,
গাহে তৱ জয়-গাথা।
জন-গণ-মংগল-দায়ক জয় হে
ভাৰত-ভাগ্য-বিধাতা।
জয় হে, জয় হে, জয় হে,
জয় জয় জয় জয় হে।
উপৰত উল্লেখিত এই গীতেই হৈছে ৰাষ্ট্ৰীয় সংগীতৰ সম্পূৰ্ণ ৰূপ আৰু ইয়াৰ পৰিবেশন সময় হৈছে ৫২ছেকেণ্ড।
ৰাষ্ট্ৰীয় সংগীতৰ প্ৰথম আৰু শেষ শাৰীৰ পৰিবেশনক ৰাষ্ট্ৰীয় সংগীতৰ অৰ্ধ ৰূপ হিচাপে বিবেচনা কৰা হয় যি কিছুমান নিৰ্দিষ্টঅনুষ্ঠানত পৰিবেশন কৰা হয়। এইয়া হৈছেঃ
জন-গন-মন-অধিনায়ক জয় হে
ভাৰত-ভাগ্য-বিধাতা
জয় হে, জয় হে, জয় হে,
জয় জয় জয় জয় হে।
কোন অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতৰ কোনটো ৰূপ পৰিবেশন কৰা হব এই বিষয়েনিৰ্দ্দেশাৱলীত উল্লেখ কৰা আছে।
যেতিয়াই এই ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয় বা বজোৱা হয়, দৰ্শক বা উপস্থিত সকলোৱে ঠিয় হৈ দিব।কিন্তু যদিহে কোনো চলচিত্ৰ বা তথ্যচিত্ৰৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সংগীত প্ৰদৰ্শন কৰা হয় তেনেহলে দৰ্শকে থিয় হোৱাটো আশা কৰা নহয় যিহেতু প্ৰদৰ্শনীত ব্যাঘাত জন্মিব পাৰে বুলি ভাবি সকলোৱে থিয় নহবও পাৰে আৰু ফলস্বৰূপে ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ বিপৰীতে এক খেলিমেলিৰ সৃষ্টিহে হব পাৰে।
ৰাষ্ট্ৰীয় পতকা উত্তোলন কৰাৰ ক্ষেত্ৰত, ৰাষ্ট্ৰীয় সংগীত গাওতে কোনো বৈষম্যমূলক ভাৱ পোষণনকৰাতো ৰাইজৰ বিবেচনাৰ বিষয় হিচাপে গণ্য কৰা হৈছে।
Title | Size | Detail |
---|---|---|
AnthemEnglish_140316.pdf | 196.25 KB | ![]() |
AnthemEnglish_12012017.pdf | 217.67 KB | ![]() |