তলত উল্লেখ কৰা অতিথি সকলে অসম ভ্ৰমণ কৰাৰ সময়ত তেওঁলোকক ৰাজ্যিক অতিথি হিচাপে বিবেচনা কৰা হয়ঃ
- ভাৰতৰ ৰাষ্ট্ৰপতি।
- ভাৰতৰ মুখ্য ন্যায়াধীশ।
- ভাৰতৰ উপ-ৰাষ্ট্ৰপতি।
- ভাৰতৰ প্ৰধান মন্ত্ৰী।
- সকলো ৰাজ্যৰ ৰাজ্যপাল।
- ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ।
- উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকল।
- উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সকল।
- উচ্চ ন্যায়ালয়ৰ কাৰ্য্যকৰী মুখ্য ন্যায়াধীশ সকল।
- ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সকল।
- কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সকল(স্বতন্ত্ৰ ভাৰ)।
- ভাৰত চৰকাৰৰ সচিব সকল।
- ভাৰত চৰকাৰৰ সংসদীয় কমিটি/ মন্ত্ৰালয়/ ইউ.পি.এছ.চি./ এন.চি.এছ.টি./ মহাকাশ আয়োগ ইত্যাদিৰ অধ্যক্ষ সকল।
- ভাৰত চৰকাৰৰ ইউ.পি.এছ.চি./ পৰিকল্পনা আয়োগ/ ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ ইত্যাদিৰ সদস্য সকল।
- চৰকাৰী ভ্ৰমণ কাৰ্য্যসূচীৰে অহা অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সকল।
- চৰকাৰী ভ্ৰমণ কাৰ্য্যসূচীৰে অহা অন্য ৰাজ্যৰ বিষয়া সকল।