মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিয়ম

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাই দেশবাসীৰ আশা আৰু আকাংশাক সূচাই।ই হৈছে আমাৰ ৰষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক স্বৰূপ। শেহতীয়া প্ৰায় পাঁচটা দশকত ভাৰতীয় সেনাকে ধৰি আন বহু সংখ্যক লোকে ৰাষ্ট্ৰীয় পতাকাৰ গৌৰৱ বজাই ৰাখিবলৈ তথা ত্ৰিৰংগা খন চিৰদিনলৈ উৰুৱাই ৰাখিবলৈ নিজৰ প্ৰাণৰ আহুতি দিছে।

ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সাৰ্বজনীন স্তৰত ভালপোৱা, প্ৰেম আৰু সন্মান অনুভৱ কৰা যায়। কিন্তু তথাপিও ৰাষ্ট্ৰীয় পতাকা সম্পৰ্কত বহুতৰে ধাৰণা স্পষ্ট নোহোৱাটো পৰিলক্ষিত হৈছে, কেৱল মানুহৰ মাজতেই নহয়, আনকি বহুবোৰ চৰকাৰী প্ৰতিষ্ঠানেও ইয়াৰ সৈতে জড়িত নীতি-নিয়ম, আইন, অনুশীলন সম্পৰ্কে সজাগ নহয়। সময়ে সময়ে চৰকাৰে প্ৰকাশ কৰি থকা পৰিনিয়তনিৰ্দেশাৱলী সমূহৰ উপৰিও, ৰাষ্ট্ৰীয় পতাকাপ্ৰদৰ্শনৰ ক্ষেত্ৰত প্ৰতীক আৰু নাম(ক্ৰুটিপূৰ্ণব্যৱহাৰ প্ৰতিৰোধ) আইন, ১৯৫০(১৯৫০চনৰ ১২নং)আৰু ৰাষ্ট্ৰীয় সন্মানৰ অৱজ্ঞা প্ৰতিৰোধ আইন, ১৯৭১এ(১৯৭১চনৰ ৬৯নং)নিয়ন্ত্ৰণ কৰে।এনে সকলো আইন, নীতি-নিয়ম, সন্মিলন, অনুশীলন আৰু নিৰ্দেশাৱলীক ভাৰতীয় পতাকা সংকেত, ২০০২ৰ জৰিয়তেসংযুক্ত কৰাৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছিল যাতে ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সকলোৰে সুবিধা হয়।

অধিক সুবিধাৰ বাবে এই ভাৰতীয় পতাকা সংকেত, ২০০২ক তিনি ভাগত বিভক্ত কৰা হৈছে। ইয়াৰে প্ৰথম খণ্ডত পতাকাৰসাধাৰণ বিৱৰণ দাঙি ধৰা হৈছে। দ্বিতীয় খণ্ডৰ জৰিয়তে দৰ্শোৱা হৈছে ৰাইজৰ প্ৰতিনিধি, ব্যক্তিগত প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠানেকেনেদৰে এই পতাকা ব্যৱহাৰ কৰা উচিত। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আৰু তেঁওলোকৰ অধীনষ্ঠ প্ৰতিষ্ঠান সমূহে কেনেদৰে এই পতাকা প্ৰদৰ্শন বা ব্যৱহাৰ কৰিব এই বিষয়ে উল্লেখ আছে ৩য় খণ্ডত।

Downloads
TitleSizeDetail
flagcodeofindia_070214.pdf4.35 MBswf-image