সাধাৰণ প্ৰশাসন বিভাগৰ অধীনষ্ঠচৰকাৰী আৱাস গৃহ সমূহ কেৱল অসম সচিবলায়ত চাকৰি কৰা বিষয়া-কৰ্মচাৰী সকলৰ বাবেহে।আৱাস আবেদনৰ আৰ্হিতহেসকলো আবেদন গ্ৰহণ কৰা হয়। যিহেতু বৃহৎ সংখ্যক আবেদন লাভ কৰা হয়,গতিকেএই আবেদন সমূহ ক্ৰমানুসাৰে ৰখা হয় যাতে পূৰ্ব নিৰ্ধাৰিত আৱাস আবন্টন সভাত এই আবেদন সমূহ নিষ্পত্তি কৰিব পৰা যায়।আবেদনকাৰী সকলৰ অভিযোগ সমূহ চোৱা-চিতা বাবেও বিভাগত সাধাৰণতে এই প্ৰক্ৰিয়াই চলি আহিছে।আৱাস আবন্টন সভা পৰিচালনাৰ বাবে এখন কমিটিও গঠন কৰা হৈছে। এই কমিটিৰ সৈতে জড়িত সকল হৈছে অধ্যক্ষ হিচাপেসাধাৰণ প্ৰশাসনৰ আয়ুক্ত আৰু সচিব, সদস্য সচিব হিচাপেঅতিৰিক্ত সচিব/যুটীয়া সচিব, অসম সচিবালয় সেৱা সন্থাৰ সদস্য প্ৰতিনিধি হিচাপে গড়কাপ্তানি বিভাগ(ভ)ৰ সম্পদ বিষয়া/সদস্য হিচাপে অসম সচিবালয় ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সকল।
তেওঁ এগৰাকী সচিবালয়ত কৰ্মৰত কৰ্মচাৰী হব লাগিব।
তলত উল্লেখ কৰা তথ্য সহ আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।
১.নাম
২.পদবী
৩.বিভাগ
৪.অসম সচিবালয়ত যোগদান কৰা তাৰিখ
৫.নিৰ্দিষ্ট প্ৰ-পত্ৰত উল্লেখিত অন্য প্ৰকাৰৰ সকলো তথ্য প্ৰদান কৰিব লাগিব।
৬.যোগ্য কৰ্তৃপক্ষৰ পৰা প্ৰতিস্বাক্ষৰ লাভ কৰিব লাগিব।
আবেদন প্ৰৃ-পত্ৰ, ফটোযুক্ত পৰিচয়, ঠিকনাৰ প্ৰমাণ, প্ৰমাণ পত্ৰ, চৰকাৰী পৰিচয় পত্ৰ, এন.ও.চি. ইত্যাদি।
মাহিলী দৰমহাৰ পৰা কাটি ৰখা হব।
প্ৰ-পত্ৰ জমা কৰাৰ শেষ তাৰিখঃ কোনো নিৰ্ধাৰিত সময় সীমা নাথাকে।
প্ৰক্ৰিয়াকৰণৰ সময়(আনুমানিক):এক নিয়মীয়া অন্তৰালত আৱাস আবন্টন সভা সমূহ অনুষ্ঠিত হয়।
আয়ুক্ত আৰু সচিব, সাধাৰণ প্ৰশাসন, ফোন নং- ০৩৬১-২২৩৭৩৩২
অফলাইনঃ সাধাৰণ প্ৰশাসন বিভাগৰ ৱেবচাইটৰ পৰা আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰিএই প্ৰ-পত্ৰ পূৰণৰ পাছত জমা কৰা।
অনলাইনঃ প্ৰক্ৰিয়াকৰণ চলি আছে। যেতিয়া তৈয়াৰ হৈ উঠিব আমি আপোনালোকক অৱগত কৰিম।
Title | Size | Detail |
---|---|---|
Government Quarter Application Form.pdf | 335.56 KB | ![]() |