মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

ৰাজহুৱা সভা/সমদলৰ অনুমতিৰ কাৰণে আবেদন

তালিকাঃ

  • যোগ্যতাৰ মাপকাঠী
  • আবেদন
  • ঠিকনাৰ প্ৰমাণ
  • পৰিচয়ৰ প্ৰমাণ
  • কিমান সময়ৰ বাবে থাকিব আৰু কিহৰ বাবে
  • মাচুল প্ৰদান
  • আগতীয়া জাননী

অৱলোকন

সংশ্লিষ্ট দণ্ডাধীশৰ পৰা সভা অধিষ্ঠিত কৰাৰ কাৰণে প্ৰয়োজনীয় অনুমতিৰ প্ৰয়োজন হয় যেতিয়া কোনো সংগঠন বা নাগৰিকে আবেদন কৰে

যোগ্যতাৰ মাপকাঠী

১৮বছৰ উৰ্দ্ধৰ ভাৰতীয় নাগৰিক।

আবেদন প্ৰক্ৰিয়া

তলত উল্লেখ কৰা সকলো প্ৰয়োজনীয় নথি সহ সংশ্লিষ্ট জিলা দণ্ডাধীশক আবেদন জমা দিব লাগিব।

আবেদনৰ লগত প্ৰদান কৰিবলগীয়া নথি সমূহ

  • স্থানীয় দণ্ডাধীশৰ প্ৰতিবেদন/ স্থানীয় কৰ্তৃপক্ষ আৰু পুলিচ প্ৰদান কৰা এন.অ.চি.।
  • যোগ্য কাৰিকৰী কৰ্তৃপক্ষই সত্যতা প্ৰমাণিত কৰা কাৰ্য্যক্ষেত্ৰৰ মানচিত্ৰ।
  • ফটোযুক্ত পৰিচয়ৰ প্ৰমাণ, ঠিকনাৰ প্ৰমাণ, প্ৰমাণ পত্ৰ, চৰকাৰী পৰিচয় পত্ৰ, এন.অ.চি. ইত্যাদি।

মাচুল

শূণ্য

গুৰুত্বপূৰ্ণ সময়ৰেখা

  • যিকোনো কৰ্ম দিনত আবেদন কৰিব পাৰে।
  • আবেদন প্ৰক্ৰিয়াকৰণৰ সময় (আনুমানিক)- তিনি দিনৰ ভিতৰত।।

কাক যোগাযোগ কৰিব

অসমৰ যিকোনো জিলা দণ্ডাধীশ।