মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন

তালিকাঃ

  • যোগ্যতাৰ মাপকাঠী
  • আবেদন
  • ঠিকনাৰ প্ৰমাণ
  • পৰিচয়ৰ প্ৰমাণ
  • কিমান সময়ৰ বাবে থাকিব আৰু কিহৰ বাবে
  • মাচুল প্ৰদান
  • আগতীয়া জাননী

অৱলোকন

মৰণাস্ত্ৰ আইন অনুসৰি লাভ কৰা আবেদনৰ বিপৰীতে জিলা-দণ্ডাধীশে মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে। জিলাৰ ভিতৰত হলে অনুজ্ঞাপত্ৰ জিলা উপায়ুক্তই প্ৰদান কৰে আৰু ৰাজ্যিক পৰ্য্যায়ৰ অনুজ্ঞাপত্ৰৰ বাবে গৃহ বিভাগৰ অনুমতিৰ প্ৰয়োজন।

যোগ্যতাৰ মাপকাঠী

১৮বছৰ উৰ্দ্ধৰ ভাৰতীয় নাগৰিক।

আবেদন প্ৰক্ৰিয়া

ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী ৱেবচাইটত উপলব্ধ মৰণাস্ত্ৰ আইনৰ পৰিনিয়ত প্ৰ-পত্ৰ অনুসৰি।

আবেদনৰ লগত প্ৰদান কৰিবলগীয়া নথি সমূহ

  • আবেদন পত্ৰ, ফটোযুক্ত পৰিচয়ৰ প্ৰমাণ, ঠিকনাৰ প্ৰমাণ, প্ৰমাণ পত্ৰ, চৰকাৰী পৰিচয় পত্ৰ, এন.অ.চি. ইত্যাদি
  • সংশ্লিষ্ট জিলা আৰক্ষী অধীক্ষকে প্ৰদান কৰা ভাবুকি সম্বন্ধীয় মূল্যংকণৰ প্ৰতিবেদন।
  • আবেদনকাৰীৰ তিনিখন পাচপোৰ্ট আকাৰৰ ফটো।

মাচুল

মৰণাস্ত্ৰ আইন সংশোধনৰ জৰিয়তে ভাৰত চৰকাৰে সময়ে সময়ে ধাৰ্য্য কৰি থকা মাচুলৰ হাৰ অনুসৰি।

গুৰুত্বপূৰ্ণ সময়ৰেখা

  • যিকোনো কৰ্ম দিনত আবেদন কৰিব পাৰে।
  • আবেদন প্ৰক্ৰিয়াকৰণৰ সময় (আনুমাণিক)- পোন্ধৰ দিনৰ ভিতৰত।

কাক যোগাযোগ কৰিব

অসমৰ যিকোনো জিলা দণ্ডাধীশ।