মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

কথাছবিৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰক

 

তালিকাঃ স্থায়ী কথাছবিৰ বাবে আবেদন

  • যোগ্যতাৰ মাপকাঠী
  • আবেদন
  • ঠিকনাৰ প্ৰমাণ
  • পৰিচয়ৰ প্ৰমাণ
  • কিমান সময়ৰ বাবে থাকিব আৰু কিহৰ বাবে
  • মাচুল প্ৰদান

অৱলোকন

অসম কথাছবি (নিয়ন্ত্ৰণ) অধিনিয়ম, ১৯৬০, নং- জি.এ.জি. ২৫৪/৫৯/৬৪, তাৰিখ- ১৬ ডিচেম্বৰ, ১৯৬০।অসম কথাছবি (নিয়ন্ত্ৰণ) আইন, ১৫৩ৰ (১৯৫৩চনৰ এসম আইন XIV) এছ. ১০ৰ জৰিয়তে লাভ কৰা ক্ষমতা ব্যৱহাৰৰ ক্ষেত্ৰত অসম ৰাজ্যপালে উক্ত আইনখনৰ সুবিধা সমূহ কাৰ্য্যকৰী কৰাৰ উদ্দেশ্যৰে নিম্নোল্লেখিত নিয়ম সমূহ প্ৰস্তুত কৰি উলিয়াইছে।

অনুজ্ঞাপত্ৰৰ প্ৰকাৰ

ইয়াত চাৰি প্ৰকাৰৰ অনুজ্ঞাপত্ৰ আছে, সেইয়া হল-

  • স্থায়ী কথাছবি;
  • অস্থায়ী আন্তৰ্দ্বাৰ কথাছবি;
  • অস্থায়ী মুকলি কথাছবি;
  • ভ্ৰাম্যমান কথাছবি।

স্থায়ী কথাছবিৰ বাবে আবেদন প্ৰক্ৰিয়া

অনুজ্ঞাপত্ৰৰ অনুমোদন বা নৱীকৰণৰ বাবে স্ব-স্বাক্ষৰযুক্ত প্ৰতিখন লিখিত আবেদন প্ৰকৃত অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষ অৰ্থাত সংশ্লিষ্ট জিলা উপায়ুক্তক জমা দিব লাগিব।

আবেদনৰ সৈতে প্ৰদান কৰিব লাগিয়া নথি সমূহ

যিহেতু নৱীকৰণতকৈ আনুজ্ঞাপত্ৰৰ অনুমোদনৰ বাবে কৰা আবেদন পৃথক, ইয়াৰ সৈতে দিব লগীয়া নথি সমূহ তলত উল্লেখ কৰা হল-

  1. চিনেমাতোগ্ৰাফ যন্ত্ৰ-পাতি স্থাপন কৰিব লগীয়া ভৱনটোৰ মালিকীস্বত্ব আৰু সকলো অধিকাৰ সম্বন্ধীয় নথি সমূহ;
  2. আৰ. ৪ ৰ বিষয় উপ-আৰ. (২) ৰ অধীনত “আপত্তি নথকাৰ প্ৰমাণ পত্ৰ” ৰ এক আচল প্ৰতিলিপি প্ৰদান কৰিব লাগিব;
  3. ভৱনটোৰ সংৰচনামূলক বৈশিষ্ট সমূহৰ সম্বন্ধত সংশ্লিষ্ট গড়কাপ্তানি বিভাগৰ কাৰ্য্যকৰী অভিযন্তাৰ পৰা প্ৰমাণ পত্ৰ;
  4. ভৱনটোত উপলব্ধ বিদ্যুত ব্যৱস্থাৰ সঠিক মানদণ্ডতা সন্দৰ্ভত চৰকাৰৰ বিদ্যুত বিভাগৰ পৰা প্ৰমাণ পত্ৰ;
  5. নিয়মানুসৰী ভৱনত উপলব্ধ স্বচ্ছতা সন্দৰ্ভত জন স্বাস্থ্য বিভাগৰ অধীনষ্ঠ জিলা বিষয়া বা অন্য যোগ্য কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণ পত্ৰ।
  6. যি সময়ছোৱাৰ বাবে অনুজ্ঞাপত্ৰ বিচৰা হৈছে সিমান সময়লৈ মঞ্জুৰীকৃত ছবি সমূহৰ নিয়মীয়া যোগান সুনিশ্চিত কৰাকৈ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ছবি বিভাগৰ অধীনষ্ঠ বিতৰণ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা লাভ কৰা “মঞ্জুৰীকৃত ছবি প্ৰদৰ্শনৰ প্ৰমাণ পত্ৰ” এখন;
  7. নিৰ্ধাৰিত হাৰত মাচুল প্ৰদান কৰাৰ বিপৰীতে কোষাগাৰ ৰচিদ;
  8. অসম মনোৰঞ্জন আৰু বেটিং কৰ আইন, ১৯৩৯ৰ অধীনত সকলো কৰ প্ৰদান কৰাৰ প্ৰমাণ হিচাপে সংশ্লিষ্ট এলেকাৰ কৰ অধীক্ষকৰ পৰা পৰা মঞ্জুৰী প্ৰমাণ পত্ৰ।

মাচুল

প্ৰথম তিনি বছৰৰ বাবে আৰু তাৰ পাছত পৰৱৰ্তী প্ৰতিটো বৰ্ষৰ বাবে স্থায়ী কথাছবিৰ অনুঞ্জাপত্ৰ প্ৰদানৰ বিপৰিতে কৰ হিচাপে ১০০০ টকাকৈ ধাৰ্য্য কৰা হৈছে। অনুজ্ঞাপত্ৰৰ নকল প্ৰতিলিপিৰ বাবে ১০০ টকাকৈ ধাৰ্য্য কৰা হৈছে।

কাক যোগাযোগ কৰিব

সংশ্লিষ্ট জিলা উপায়ুক্ত সকল।

অফলাইন/অনলাইন

কেৱল অফলাইন। সংশ্লিষ্ট অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষক উদ্দেশ্যি আবেদন কৰিব লাগিব।

পেজটোৰ তলফালে অসম কথাছবি (নিয়ন্ত্ৰণ) অধিনিয়ম, ১৯৬০’ৰ সকলো নথি ডাউনলোড শাখাত প্ৰদান কৰা হৈছে। ইয়াত এই নথি সমূহৰ ভিতৰত আছে অন্য প্ৰকাৰৰ কথাছবি যেনে অস্থায়ী ইনডোৰ কথাছবি, অস্থায়ী মুকলি কথাছবি আৰু ভ্ৰাম্যমান কথাছবিৰ অনুজ্ঞাপত্ৰৰ আবেদন প্ৰক্ৰিয়াৰ সবিশেষ তথ্য।

Downloads
TitleSizeDetail
PDF icon The Assam Cinemas (Regulation) Rules, 1960.pdf4.01 MBswf-image