মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

সাধাৰণ প্ৰশাসনৰ কাৰণে নাগৰিক চনদ

  • মণ্ডল, জিলা আৰু মহকুমা পৰ্য্যায়ৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়া-কৰ্মচাৰীৰ যোগান ধৰা, আন্তঃগাঠনী নিৰ্মাণ কৰা আৰু ক্ষমতা বৰ্ধনৰ ব্যৱস্থা প্ৰদানৰ জৰিয়তে ৰাজ্যৰ সাধাৰণ প্ৰশাসন ব্যৱস্থাৰ মানদণ্ড উন্নত কৰাৰ দৰে বিষয় সমূহ চোৱা-চিতা কৰা আৰু লগতে সকলো পৰ্য্যায়তে প্ৰশাসনীয় একক সমূহৰ পৰ্য্যবেক্ষণ কৰাৰ উদ্দেশ্যৰে ১৯৫০চনত এই সাধাৰণ প্ৰশাসন বিভাগ গঠন কৰা হৈছিল। এই বিভাগৰ অতিৰিক্ত দায়িত্ব সমূহ হৈছে প্ৰটোকল সম্বন্ধিত বিষয় সমূহ চোৱা-চিতা কৰা, ৰাজ্যিক প্ৰটোকল, ৰাজ্যৰ অতিথি আৰু ব্যক্তি সকলৰ ক্ষেত্ৰত প্ৰটোকল লজিস্টিক সঁহাৰি আগবঢ়োৱা, প্ৰাক্তন সেনা আৰু ছবি-গৃহ সমূহৰ উন্নয়ন সাধন কৰা, প্ৰটোকল বিষয়সমূহ শীঘ্ৰে নিষ্পত্তি কৰা, ৰাষ্ট্ৰীয় দিৱস উদযাপন, ৰাজ্যিক দিৱস/অনুষ্ঠান সম্বন্ধিয় আদি বিষয় সমূহ নিষ্পত্তি কৰা, আৱৰ্ত ভৱন আৰু ৰাজ্যৰ বাহিৰৰ অসম ভৱন/গৃহত থকাৰ সুবিধা প্ৰদান কৰা, চৰকাৰী আৱাস গৃহৰ নিৰ্মাণ, তত্বাৱধান আৰু পুনৰ নিৰ্মাণ কৰা, অসমৰ সৈনিক কল্যাণ সঞ্চালকালয় সম্বন্ধিত বিষয় সমূহ চোৱা-চিতা কৰা, কথাছবিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা আদি সকলো বিষয় চোৱা-চিতা কৰা।
    বিভাগৰ দ্বাৰা প্ৰদান কৰা সেৱা সমূহ ৰাইজে লাভ কৰাৰ উদ্দেশ্যৰেই নাগৰিক চনদ তৈয়াৰ কৰা হয়।

    অভিযান

    ৰাজ্যৰ সাধাৰণ প্ৰশাসন ব্যৱস্থাৰ উন্নয়ন সাধান কৰাই এই বিভাগৰ মূল উদ্দেশ্য।

    লক্ষ্য

    ৰাজ্যত সামগ্ৰীক দৃষ্টিভংগীৰ জৰিয়তে সাধাৰণ প্ৰশাসন ব্যৱস্থাক কাৰ্য্যক্ষম, স্বচ্ছ, দায়বদ্ধ আৰু নাগৰিক কেন্দ্ৰিক কৰি গঢ়ি তোলা।

    আপুনি তলৰ লিংকৰ পৰা বিস্তাৰিত ফাইল ডাইনলোড কৰিব পাৰিব।

    Downloads
    সাধাৰণ প্ৰশাসনৰ কাৰণে নাগৰিক চনদ
    TitleSizeDetail
    নাগৰিক চনদ283.5 KBswf-image