মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

আমি কি কৰো

  • সংস্থাটোৰ দ্বাৰা সম্পাদিত কাৰ্য্যাৱলীঃ

    1. মণ্ডল, জিলা আৰু মহকুমা কাৰ্য্যালয় সমূহত আন্তঃগাঠনিৰ সৃষ্টি আৰু উন্নয়ন কৰা।
    2. সাংগঠনিক উন্নয়ন, যোগ্য বিষয়া-কৰ্মচাৰী উপলব্ধ কৰোৱা আৰু প্ৰক্ৰিয়াকৰণ উন্নয়নৰ জৰিয়তে মণ্ডল, জিলা আৰু মহকুমা পৰ্য্যায়ত সাধাৰণ প্ৰশাসন ব্যৱস্থাক শক্তিশালী কৰি তোলা।
    3. মণ্ডল আৰু জিলা পৰ্য্যায়ৰ প্ৰশাসন ব্যৱস্থাৰ পৰিদৰ্শন আৰু পৰ্য্যবেক্ষণ কৰা।
    4. মণ্ডল, জিলা আৰু মহকুমাৰ কাৰ্য্যালয় সমূহৰ বিষয়া-কৰ্মচাৰী সকলৰ বাবে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
    5. সাধাৰণ প্ৰশাসন ক্ষেত্ৰত ই-প্ৰশাসন প্ৰকল্প ৰূপায়ন কৰা।
    6. নতুন জিলা আৰু মহকুমা সৃষ্টি কৰা।
    7. ৰাজ্যিক ভৱন আৰু আৱৰ্ত ভৱনৰ মাজৰ কাৰ্য্যতন্ত্ৰ সৃষ্টি, উন্নয়ন আৰু তত্বৱধান কৰা।
    8. “ৰাজ্যিক প্ৰটোকল" বিষয়সমূহ।
    9. "ৰাজ্যিক অতিথি" বিষয়সমূহ।
    10. ৰাজ্যিক কাৰ্য্যাৱলীৰ অগ্ৰাধিকাৰ নিৰ্ণয় কৰা।
    11. ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত সম্বন্ধিত বিষয় সমূহ।
    12. স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস, ৰাজ্যিক শোক প্ৰকাশ, ৰাজ্যিক সত্কাৰ, গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ অভ্যাৰ্থনা ইত্যাদিৰ দৰে ৰাজ্যিক উদযাপনমূলক কাৰ্য্যাৱলী।
    13. অসম চৰকাৰৰ এন.আই. আইনৰ অধীনত বন্ধৰ দিন তথা বন্ধৰ দিনৰ তালিকা প্ৰস্তুত কৰা।
    14. অসমৰ সৈনিক কল্যাণ সঞ্চালকালয় সম্বন্ধিত বিষয়।
    15. মন্ত্ৰী, চৰকাৰী বিষয়া আৰু কৰ্মচাৰী সকলৰ বাবে আৱাস গৃহৰ ব্যৱস্থা কৰাটোও সাধাৰণ প্ৰশাসন ব্যৱস্থাৰ কাৰ্য্যাৱলীৰ অন্তৰ্গত।
    16. অসম চলচ্চিত্ৰ(নিয়ন্ত্ৰণ) আইন, ১৯৫৩ আৰু অসম চলচ্চিত্ৰ (নিয়ন্ত্ৰণ) অধিনিয়ম, ১৯৬০ সম্বন্ধিত বিষয় সমূহ।
    17. জৰীপ কাৰ্য্য কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰধান বিভাগৰ ভূমিকা পালন কৰা।

     

    প্ৰদান কৰা সেৱা সমূহঃ

    1. মণ্ডল আয়ুক্ত, জিলা উপায়ুক্ত, মহকুমা কাৰ্য্যলয়ৰ লগতে অসম ভৱন/গৃহ আদিৰ কাৰ্য্যকৰণ আৰু আন্তঃগাঠনিৰ সুবিধা কৰাৰ ক্ষেত্ৰত মুখ্যভূমিকা পালন কৰা।
    2. মণ্ডল আয়ুক্ত, জিলা উপায়ুক্ত, মহকুমা কাৰ্য্যলয়ৰ লগতে অসম ভৱন/গৃহ আদিৰ বাবে প্ৰয়োজনীয় বিষয়া, কৰ্মচাৰীৰ ব্যৱস্থা কৰা।
    3. মণ্ডল আয়ুক্ত, জিলা উপায়ুক্ত, মহকুমা কাৰ্য্যলয়ৰ লগতে অসম ভৱন/গৃহ আদিৰ কৰ্মচাৰী সকলক দৰমহা, ভাট্টা, বিল, পেঞ্চন আৰু আগতিয়া ভৱিষ্য নিধিৰ ধন প্ৰদান কৰা।
    4. মণ্ডল আয়ুক্ত, জিলা উপায়ুক্ত, মহকুমা কাৰ্য্যলয়ৰ লগতে অসম ভৱন/গৃহ আদিৰ কৰ্মচাৰী সকলৰ ক্ষমতা বৰ্ধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা।
    5. আৱৰ্ত ভৱন/অতিথিশালানিৰ্মাণ আৰু তত্বৱধানৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা।
    6. অনুদান-সাহাৰ্য্য আদিৰ মঞ্জুৰী প্ৰদান কৰা।
    7. প্ৰয়োজনীয় প্ৰস্তাৱৰ বিপৰীতে সাহসিকতাৰ বঁটা।
    8. সন্মানীয় মন্ত্ৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু অসম সচিবালয়ৰ কৰ্মচাৰী সকলৰ বাবে চৰকাৰী আৱাস গৃহৰআবণ্টন দিয়া।
    9. অসম ভৱন/আৱৰ্ত ভৱনত কোঠালীৰ আৱণ্টন দিয়া।
    10. ই-চফৰ।
    11. এইচ.আৰ.এম.এছ.(মানৱ সম্পদ প্ৰৱন্ধন ব্যৱস্থা)
    12. এম.আই.এছ.(প্ৰৱন্ধন তথ্য ব্যৱস্থা)
    13. ক্ষুদ্ৰ চলচ্চিত্ৰ গৃহ/বহু পৰ্দাযুক্ত চলচ্চিত্ৰগৃহৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰা।
    14. ৰাজধানী কমপ্লেক্সৰ মুকলি ঠাইত বিহু, পূজা আদিৰ দৰে অনুষ্ঠান আয়োজন কৰাৰ বাবে অনুমতি প্ৰদান কৰা।